নাৰায়ণপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:45 PM IST

thumbnail

বিহপুৰীয়া, ২৩ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলতো বিগত কেইবাদিনো ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । শুকুৰবাৰে নিশা এক মান বজাত এটা বন্যহস্তীৰ জাকে নাৰায়ণপুৰৰ মধুপুৰ গাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰে । গাঁওখনৰ নাৰায়ণ হাজৰিকা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি জাকটোৰ তিনিটা হাতীয়ে বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি ধানৰ বস্তা, ধানৰ ডাঙৰী খাই অনিষ্ট কৰে ।  

হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে নাৰায়ণ হাজৰিকাৰ পৰিয়ালটো। বিগত কেইবাদিনো ধৰি হাতীৰ জাকটোৱে নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলোৱাক লৈ চিন্তিত স্থানীয় ৰাইজ । এই ক্ষেত্ৰত বন বিভাগৰ হস্তক্ষেপৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ।  

লগতে পঢ়ক : নুমলীগড়ৰ 39 নং ৰাষ্ট্রীয় ঘাইপথ বন্যহস্তীৰ জাক; আতংকিত পথচাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.