thumbnail

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:34 PM IST

ETV Bharat / Videos

Man Elephant clash: বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে ৰাইজৰ, ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড

ৰঙাপৰা, 28 আগষ্ট : শোণিতপুৰ জিলাৰ ৰঙাপৰাত দিনক দিনে বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত ৰাইজ অধিক চিন্তিত হৈ পৰিছে। দেওবাৰে পুৱতি নিশা চেঁচা চাহ বাগিচা আৰু নগাপথাৰ গাঁৱত চাৰিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। খাদ্যৰ সন্ধান বনাঞ্চলৰ ভিতৰৰ পৰা ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে চেঁচা চাহ বাগিচাৰ ডিপোটা শ্ৰমিক লাইনৰ এন্টনি কুলু, চুন্দিলাল, মাইকেল তপ্প আৰু নগাপথাৰ গাঁৱৰ মাৰকুছ টেটে, ডাউদ মুণ্ডাৰ বাসগৃহটি ভাঙি লণ্ড-ভণ্ড কৰি পেলোৱাত পৰিয়ালকেইটা দিশহাৰা হৈ পৰিছে। 

ইফালে, বনৰীয়া হাতীয়ে পৰিয়াল বাসগৃহকেইটাৰ ভিতৰত থকা বহু মূল্যবান সামগ্ৰী গচকি ক্ষতিসাধন কৰে। তাৰোপৰি বনৰীয়া হাতীকেইটাই ধানৰ ভঁৰালত থকা ধান ভক্ষণ কৰে। ইপিনে ডিপোটা শ্ৰমিক লাইনত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি তৎক্ষণাত স্থানীয় ৰাইজে সুযোগ বুজি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে ৷

লক্ষ্যণীয় যে, বনৰীয়া হাতীয়ে উপদ্ৰৱৰ ক্ষেত্ৰত ৰঙাপৰাৰ আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তোলে ভুক্তভোগী ৰাইজে। নেৰানেপেৰা বৰষুণৰ মাজত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা চুৰিকাণ্ড আৰু তাৰ মাজতে বনৰীয়া হাতীৰ সন্ত্ৰাসত ৰঙাপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে।

লগতে পঢ়ক: Theft incident: বৰষুণ দিয়াৰ সুযোগ লৈ জেংৰাইমুখত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.