Dead Body Recover: ভেকুলী ধৰিবলৈ গৈ বন বিভাগৰ ভয়ত পুখুৰীত জাঁপ দিলে যুৱকে; উদ্ধাৰ মৃতদেহ - উদ্ধাৰ মৃতদেহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 16, 2023, 10:35 PM IST

গহপুৰ, 16 জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণী উত্তৰ অঞ্চলত প্ৰৱেশ কৰা খবৰ পাই বন বিভাগৰ দলে দিনেই নিশাই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ অঞ্চল গমিৰি, ৰাংছালী, বটিয়ামাৰী আদি অঞ্চলত পহৰা দিয়া ব্যৱস্থা কৰা হৈছে ৷ যাতে এই সময়তচোৱাত কোনো দুষ্ট লোকে বন্যপ্ৰাণী ওপৰত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তৎপৰতা অধিক কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰি বনাঞ্চলিক বিষয়াই ৷  

ইয়াৰ পিচতে দেওবাৰে অঘটন ঘটিল গহপুৰত ৷ গহপুৰত বন বিভাগৰ এটা তহলদাৰী দলৰ গাড়ী দেখি পানীত জাঁপ দি মৃত্যু হ'ল এজন যুৱকৰ । ঘটনা অনুসৰি গহপুৰ তেলেনীৰ তিনিজন যুৱক গৌতম প্ৰসাদ, ৰাহুল মাল্লা, মুন মাল্লাই বৰশী পাতি পথৰ কাষত ভেকুলী ধৰি আছিল ৷ কিন্তু তেনেতে এখন বন বিভাগৰ এখন গাড়ী আহি তিনিওকে ৰবলৈ কয় যদিও তিনিজন যুৱক পলাই যায় ৷  

কিন্তু ইয়াৰ ভিতৰত গৌতম প্ৰসাদ নামৰ যুৱকজন দৌৰি পলাওঁতে এটা পুখুৰীত জাঁপ দিয়ে যদি বহু সময় যুৱকজন নিখোজ হৈ থাকে ৷ পিচত গৌতমৰ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷  

পৰৱৰ্তী সময়ত গহপুৰ মহকুমা আৰক্ষী থানাৰ অন্তৰ্গত ঘাঁহিগাঁও আৰক্ষী চকী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা মৃতদেহটো গৌতম প্ৰসাদৰ বুলি চিনাক্ত কৰে ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Flood in Dhemaji: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে জীয়াঢলৰ বাঢ়নী পানী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.