Man died after falling into water: শিলনীত বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন লোকৰ

By

Published : Dec 20, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

কাৰ্বি আংলং জিলাত অঘটন ৷ জিলাখনৰ মাঞ্জাৰ সমীপৰ শিলনিত প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ গৈ সলিল সমাধি এজন লোকৰ (Man drown at waterfall while enjoying picnic) ৷ মৃতলোকজন ডিমাপুৰ চিগ্নেল বস্তীৰ টিকে কল'নিৰ চিকান্দৰ কৰ্মকাৰ (৩৭) বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নৱবৰ্ষৰ প্ৰাকক্ষণত সোমবাৰে তিনি সতীৰ্থ বন্ধুৰ সৈতে বনভোজ খাবলৈ মাঞ্জাৰ সমীপৰ শিলনি বনভোজস্থলীলৈ গৈছিল চিকান্দৰ কৰ্মকাৰ ৷ পিছত শিলনি নদীত সকলোৱে গা-ধোৱা প্ৰত্যক্ষ কৰি চিকান্দৰ কৰ্মকাৰো ওখ শিল এচটাত উঠি জঁপিয়াই দিছিল পানীত ৷ কিন্তু পানীত নমাই যেন কাল হ’ল চিকান্দৰ কৰ্মকাৰৰ বাবে ৷ পানীত নামিলে ঠিকেই, কিন্তু আৰু ঘূৰি নাহিল চিকান্দৰ ৷ দ পানীত পৰিয়েই নিৰুদ্দেশ হ’ল চিকান্দৰ ৷ পিছত মাঞ্জা আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি সেই স্থানত অভিযান চলাই যদিও সোমবাৰে চিকান্দৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । অৱশেষত মঙলবাৰে পুৱাৰ ভাগত মাঞ্জা আৰক্ষীয়ে হোজাইৰ পৰা অনা SDRF বাহিনীৰ সহায়ত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় চিকান্দৰ কৰ্মকাৰৰ মৃতদেহ ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.