দুই পুত্ৰক বিহ খুৱাই আপোনঘাটী পিতৃ - বিহপান কৰি আত্মহত্যা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2022, 3:57 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

নলবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ বিহপান কৰি আত্মহত্যা কৰিলে দীপুল শইকীয়া নামৰ এজন লোকে (Man committed suicide) ৷ আশ্চৰ্যজনকভাৱে দুই সন্তানকো নিজ হাতেৰেই বিহ খুৱালে লোকজনে (Father gave poison to son) ৷ নলবাৰীৰ বৰভাগৰ দোকোহাত সংঘটিত এই ঘটনা । পত্নী পৰপুৰুষৰ লগত পলাই যোৱাৰ বাবেই দিপুল শইকীয়াই এই কঠোৰ সিদ্ধান্ত লোৱাৰ সন্দেহ স্থানীয় লোক তথা আত্মীয়ৰ (Man committed suicide after wife fled) । শইকীয়াৰ পত্নী কৰ্মসূত্ৰে এখন শিক্ষানুষ্ঠানৰ ৰান্ধনী হিচাপে কৰ্মৰত আছিল । মঙলবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা দীপুলৰ পত্নী হেমলতা শইকীয়া নিৰুদ্দেশ হৈ থকাত সন্দেহ ওপজে স্থানীয় লোকসকলৰ মাজত । পূৰ্ৱৰে পৰা হেমলতা শইকীয়া আৰু হজৰত আলী নামৰ এজন লোকৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল আত্মীয় আৰু স্থানীয় লোকে । পত্নী বিৰহতে এইদৰে বিহপান কৰি দীপুল শইকীয়াই আত্মহত্যা কৰে বুলি আত্মীয়ই প্ৰকাশ কৰিছে ৷ ইফালে তেওঁলোকৰ দুই পুত্ৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জি এম চি এইছত ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.