Man committed suicide: পত্নীক লগ কৰিব নোৱাৰি গেটতেই আত্মহত্যা স্বামীৰ - suicide at Moran
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-10-2023/640-480-19788179-thumbnail-16x9-mrito.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 17, 2023, 2:23 PM IST
মৰাণ, 17 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ মৰাণত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে পত্নীক লগ কৰিবলৈ ঘৰৰ গেটতে পিন্ধি থকা গেঞ্জীৰে চিপ লৈ আত্মহত্যা স্বামীৰ ৷
মৰাণৰ 108 নং খোৱাং গ্ৰান্টত সংঘটিত হৈছে এই ঘটনা ৷ কৰ্মসূত্ৰে এটা ভাৰাঘৰত থকা ডিমৌৰ কৃষ্ণ বিহাৰী চাহ বাগিচাৰ খঙীয়াৰ ঘনশ্যাম কুৰ্মী (৪৬) আৰু পত্নী ৷ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈ থাকে । স্বামীৰ সৈতে কাজিয়া হ’লেই বাৰে বাৰে পত্নীয়ে ভাৰাঘৰৰ পৰা ওলাই গৈ সম্পৰ্কীয়ৰ ঘৰত থাকে ৷ যদিও বাৰে বাৰে ঘৰলৈ মহিলাগৰাকীক লৈ আনে স্বামীয়ে।
শেহতীয়াকৈ অইন দিনাৰ দৰে ভাৰাঘৰৰ পৰা ওলাই গৈ সম্পৰ্কীয় ৰামেশ্বৰ তাঁতিৰ ঘৰত আছিল লোকজনৰ পত্নী । মঙলবাৰে পুৱা স্বামীয়ে পত্নীক লগ কৰিবলৈ গৈ লগ কৰিব নোৱাৰাত গেটৰ সন্মুখতে পিন্ধি থকা গেঞ্জীৰে চিপ লৈ আত্মহত্যা কৰে।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ লগতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক: Crime news : নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত, মাটি খান্দি উদ্ধাৰ সোণৰ গহনা