শান্তি-সম্প্ৰীতিৰ বাৰ্তা লৈ চাইকেলেৰে ঝাৰখণ্ডৰ পৰা অসম পালেহি এগৰাকী ব্যক্তি - ঝাৰখাণ্ডৰ পৰা অসমলৈ চাইকেলেৰে
🎬 Watch Now: Feature Video
Published : Nov 24, 2023, 10:48 PM IST
সৰুপথাৰ, 24 নৱেম্বৰ : ভাতৃত্ববোধৰ বাৰ্তাৰে সুদুৰ ঝাৰখণ্ডৰ পৰা চাইকেল চলাই বৃহস্পতিবাৰে সন্ধিয়া সৰুপথাৰত উপস্থিত হ’ল বি শংকৰ ৰাও নামৰ এজন ব্যক্তি । বৰ্তমান পৃথিৱীত ধৰ্মৰ নামৰ হৈ থকা বিবাদক শেষ কৰাৰ লক্ষ্যৰে তথা সকলো ধৰ্মৰ লোকৰ মাজত ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দশ্য ব্যক্তিজনৰ ৷
সেয়েহে ব্যক্তিজনে ইতিমধ্যে ভাৰতবৰ্ষৰ ঝাৰখণ্ড, পশ্চিমবংগ, বিহাৰ আৰু অসমৰ গাঁৱে-ভূঞে চাইকেল যাত্ৰা কৰিছে । বৃহস্পতিবাৰে সৰুপথাৰ নগৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক ট্ৰেলেচফৰ ইন্দুৱাৰ নামৰ এজন ব্যক্তিয়ে বি শংকৰ ৰাওক আশ্ৰয় প্ৰদান কৰাৰ লগতে সেৱা-শুশ্ৰূষা কৰে । ব্যক্তিজনে আজি অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজক বিদায় জনাই পুনৰ নাগালেণ্ড অভিমুখে ৰাওনা হয় ।
তেখেতে নগালেণ্ডৰ পাচত মণিপুৰ, মিজোৰাম আৰু মেঘালয় হৈ পুনৰ গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, বৰ্তমান সময়লৈকে বি শংকৰ ৰাওৱে প্ৰায় তিনিহাজাৰ পাঁচশ কিল’মিটাৰ বাট চাইকেলেৰে অতিক্ৰম কৰিছে ।
লগতে পঢ়ক : লাচিত বৰফুকনক গেৰুৱা নকৰিবলৈ শৃংখল চলিহাৰ সকীয়নি