thumbnail

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 3:31 PM IST

ETV Bharat / Videos

মাওবাদীৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ মেৰাপানীৰ আদিত্য শইকীয়াক

তিতাবৰ, 7 ডিচেম্বৰ : মাওবাদীৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হ’ল মেৰাপানীৰ আদিত্য শইকীয়াক । ২০১২ চনত ৰুজু হোৱা এটা গোচৰৰ সংক্ৰান্তত বুধবাৰে নিশা দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল শইকীয়াক ৷

উল্লেখ্য যে, 2012 চনত অসম ছাত্ৰ যুৱ সংগঠন চমুকৈ এছীয়ৰ গোলাঘাট জিলাৰ সভাপতিৰ দায়িত্বত থকা আদিত্য শইকীয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাচত তিনিমাহ কাৰবাস খাটিবলগীয়া হৈছিল ৷ মেৰাপানী থানাত ৰুজু হোৱা গোচৰটোৰ সন্দৰ্ভত সুদীৰ্ঘ 11 বছৰৰ পাচত পুনৰ একেটা গোচৰতে এসময়ৰ "এছীয়"ৰ নেতাগৰাকীক বুধবাৰে নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যায় আৰক্ষীয়ে ৷

ইফালে 2012 চনৰ গোচৰটো গোলাঘাটত আদালতত চলি থকাৰ অৱস্থাত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অমান্য কৰাৰ বাবে শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ কিন্তু আদিত্য শইকীয়াই জনোৱা অনুসৰি আদালনৰ পৰা কোনোধৰণৰ নিৰ্দেশনা তেওঁ লাভ কৰা নাছিল ৷

লগতে পঢ়ক : অ’ পাকলি মোক নামাৰিবি ঐ বুলি কওঁতেও দিলে দা মাৰি!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.