thumbnail

By

Published : Apr 8, 2023, 5:55 PM IST

ETV Bharat / Videos

One arrested in Hailakandi: বিদেশী সুৰা মজুত কৰি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক

হাইলাকান্দি, ৮ এপ্ৰিল: হাইলাকান্দিত অবৈধভাৱে বিদেশী সুৰা মজুত কৰি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক । হাইলাকান্দি আবকাৰী বিভাগে অয়নাখল অঞ্চলত অভিযান চলাই এটা গুদামৰ পৰা জব্দ কৰে ৪৫ কাৰ্টন বিদেশী সুৰা । আৱকাৰী বিভাগে অবৈধভাৱে বিদেশী সুৰা মজুত কৰি ৰখা দিলীপ ভৌমিক নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে (Man arrested for storing foreign liquor in Hailakandi) ।  

আৱকাৰী বিভাগে তদন্ত কৰি জব্দ কৰা বিদেশী সুৰাৰ বটলসমূহ এছ এন ৱাইন শ্বপ নামৰ এখন সুৰাৰ বিপনীৰ বুলি জানিব পৰা গৈছে (Man arrested in Hailakandi) । ধৃত দিলীপ ভৌমিক হাইলাকান্দি জিলা হস্ততাঁত আৰু বয়ন উদ্যোগ সমবায় সমিতি লিমিটেডৰ সম্পাদক । আনহাতে, দিলীপ ভৌমিকক আদালতত হাজিৰ কৰোৱাৰ সময়ত আদালতে তেওঁক এসপ্তাহৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে । 

লগতে পঢ়ক: Road accident in Dhemaji: ধেমাজিত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.