বশিষ্ঠ মন্দিৰৰ সন্মুখত কিশোৰীক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ - গুৱাহাটী ধৰ্ষণ
🎬 Watch Now: Feature Video


Published : Dec 23, 2023, 10:59 PM IST
গুৱাহাটী, ২৩ ডিচেম্বৰ : মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে জঘন্য ঘটনা । মহানগৰীৰ বশিষ্ঠ মন্দিৰ চৌহদৰ শৌচাগাৰত এগৰাকী কিশোৰীক এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ধৃত লম্পটটোৰ নাম খনীন কলিতা ।
অভিযোগ অনুসৰি শুকুৰবাৰে বশিষ্ঠ মন্দিৰৰ সমীপতে থকা মন্দিৰৰ প্ৰস্ৰাৱগাৰত এগৰাকী কিশোৰীয়ে প্ৰস্ৰাৱ কৰিবলৈ যায় । তেনে সময়তে খনীন কলিতা নামৰ এটা লম্পটে যুৱতীগৰাকীক ধৰ্ষণ কৰে ।
এই ঘটনাৰ পিছতে লম্পটটোৱে অসম-মেঘালয় সীমান্তৰ বৰপথাৰত আত্মগোপন কৰা বুলি জানিবপৰা যায় ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীয়ে বশিষ্ঠ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰোৱায় । কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পটোক ৷ সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৰ্ষণত অভিযুক্ত খনীন কলিতা নামৰ লম্পটটোক ।
লগতে পঢ়ক: অৰুণাচলত অসমৰ কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত বৰডুমচা