Arm Wrestler Felicitated : বিশ্ব পাঞ্জা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা নৱদ্বীপ গগৈক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:56 PM IST

thumbnail

ডিব্ৰুগড়, 7 অক্টোবৰ : মালয়েছিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে ৷ নাহৰকটীয়াৰ পি ডব্লিউ ডি কʼলনিৰ সুবোধ গগৈ আৰু ঋতুমণি গগৈৰ পুত্ৰ নৱদ্বীপ গগৈয়ে বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰা পাছতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷  

শনিবাৰে নাহৰকটীয়া পাঞ্জা এছ’চিয়েছনে নামৰূপত সম্বৰ্ধনা জনালে নৱদ্বীপ গগৈক ৷ এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি নামৰূপৰ পুৰন্দৰ গগৈয়ে মাষ্টাৰ ৯৫ কেজি শাখাত চতুৰ্থ স্থান , দিগন্ত গগৈয়ে মাষ্টাৰ ৯৫ কেজি শাখাত পঞ্চম আৰু নিজৰা বৰুৱাই চিনিয়ৰ ৰাইট হেণ্ড শাখাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে মালয়েছিয়াত ২৬ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত অসমৰ ২৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৮ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল বিশ্ব পাঞ্জা প্ৰতিযোগিতাত। ৫০ খন দেশৰ প্ৰায় ৭০০ ৰো অধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক : Manipur Violence: শান্তিৰ বাৰ্তা লৈ ফুটবল প্ৰতিযোগিতাত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ ১৫ গৰাকী খেলুৱৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.