Bhaona in Majuli: বিশ্বকৰ্মা পূজা উপলক্ষে মাজুলীৰ 1 নং কঢ়াল গাঁৱত কুৰু সন্ধ্যা নাট মঞ্চস্থ - বিশ্বৰ খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 10:45 AM IST
মাজুলী, 19 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্য লগতে সোমবাৰে মাজুলীতো অতি উলহ-মালহেৰে পালন কৰা হয় বিশ্বৰ খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা । মাজুলীৰ বিভিন্ন কাৰিকৰিক অনুষ্ঠান-প্ৰতিষ্ঠানত বেদৰ মন্ত্ৰোচাৰণেৰে সম্পূৰ্ণ ৰীতি-নিয়ম মাজেৰে পালন কৰা হয় বিশ্ব খনিকৰ এই বিশেষ পূজাভাগ । সোমবাৰে পুৱাৰে পৰা পুৰোহিতৰ বেদৰ মন্ত্ৰোচাৰণেৰে মুখৰিত হৈ পৰে সত্ৰ নগৰী মাজুলী ।
ধূপ-দ্বীপ-নৈবেদ্যৰে বাবা বিশ্বকৰ্মাক আৰাধনা কৰাৰ লগতে বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা বুলি মাজুলীৰ 1 নং কঢ়াল গাঁৱৰ কিশোৰ আৰু জ্যেষ্ঠজনৰ দ্বাৰা গাঁৱৰ নামঘৰত কুৰু সন্ধ্যা নামৰ ভাওনাখন পৰিৱেশন কৰা হয় । গাঁৱৰ কিশোৰ আৰু জ্যেষ্ঠজনৰ দ্বাৰা অভিনীত এই ভাওনাখন চাবৰ বাবে গাঁৱৰ বহু ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক : Karam Festival 2023: ওদালগুৰিৰ মাজুলী চাহ বাগিচাত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন