Majuli online fraud: মাজুলীৰ অনলাইন প্ৰৱঞ্চনাত নাম সাঙুৰ খোৱা দিগন্ত হাজৰিকাৰ চাফাই

By

Published : Jun 28, 2023, 6:04 PM IST

thumbnail

মাজুলী, 28 জুন: কানাডিয়ান ছলাৰ নামৰ এটা অনলাইন এপত অধিক ধন লাভ কৰাৰ লালসাত লাখ লাখ টকা বিনিয়োগ কৰি সৰ্বস্বান্ত হ’ল মাজুলীৰ একাংশ লোক ৷ এই সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছে মাজুলীৰ দিগন্ত হাজৰিকা নামৰ এজন যুৱকৰ ৷ উল্লেখ্য যে মাজুলীৰ গুৱালগাঁৱত দিগন্ত হাজৰিকা নামৰ যুৱকজনে কানাডিয়ান ছলাৰ (CANADIAN SOLAR)ৰ এটা কাৰ্যালয় খুলিছিল বুলি অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী ৰাইজে ৷  

এই অভিযোগৰ পাচতেই মুখ খুলিছে দিগন্ত হাজৰিকা নামৰ যুৱকজনে ৷ তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ নস্যাৎ কৰিছে যুৱকজনে ৷ কোনো লোককে এপটোত টকা বিনিয়োগ কৰিবলৈ জোৰ দিয়া নাছিল আৰু সকলোৱে নিজ ইচ্ছাৰে টকা বিনিয়োগ কৰিছিল বুলি মন্তব্য কৰে যুৱকজনে ৷ এই এপটোৰ সৈতে যুৱকজন কিদৰে জৰিত সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷ উল্লেখ্য যে মাজুলীৰ পৰা প্ৰায় 1 কোটিৰো অধিৰ টকা এই এপটোৱে লুণ্ঠন কৰা বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: Online fraud: কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে মাজুলীৰ একাংশৰ বহু কোটি টকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.