Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা
মাজুলী, 23 জুন : যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰ পৰিপ্ৰেক্ষিতত মাজুলী নিমাতী ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । ব্ৰহ্মপুত্ৰৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ অহাৰ সমান্তৰালভাৱে কুঁৱলী, বিভিন্ন জাৱৰ-জোঁথৰ, কাঠৰ টুকুৰা উটি অহাৰ প্ৰতি লক্ষ্য ৰাখি তথা যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, বিগত কেবাদিনো ধৰি বন্ধ হৈ আছিল মাজুলী নিমাতী ফেৰী সেৱা ৷ ইফালে ফেৰী ৰখোৱা ৰেম্পসমূহৰ লগতে ফেৰীলৈ অহা-যোৱা কৰা পথসমূহ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্ধ কৰিছে এই ফেৰী সেৱা । পানী হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব এই ফেৰী সেৱা ।
লগতে পঢ়ক : PM Modi program in America : আমেৰিকাত মোডী আগমনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰ্ণাটকৰ যুৱ বিজ্ঞানীৰ