Construction work of pucca drains in Majuli: বিধায়ক ভুৱন গামৰ ধমক ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীক - পকী নলা নিৰ্মাণৰ আঁচনি
🎬 Watch Now: Feature Video
মাজুলী, 18 জুলাই : সত্ৰ নগৰী মাজুলীৰ কমলাবাৰী চাৰিআলিত প্ৰায় ৫ কোটি টকাৰে পকী নলা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । কিছুদিন কাম চলাৰ পাচতে বন্ধ হৈ থাকিল কমলাবাৰী চাৰিআলিৰ পকী নলা নিৰ্মাণৰ কাম । কাম আৰম্ভ কৰা পকী নলা নিৰ্মাণৰ আঁচনিখন প্ৰকৃততে কি কাৰণে বন্ধ হৈ পৰিল নেকি তাক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে আজি মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত হয় কমলাবাৰী চাৰিআলি পকী নলা নিৰ্মাণস্থলীত ৷
প্ৰথমে ভুৱন গামে কমলাবাৰীবাসীৰ লগতে বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হৈ কি কাৰণে পকী নলা কাম বন্ধ হৈ আছে তাৰ বুজ লয় । ইয়াৰ পাচত বিধায়কগৰাকীয়ে নলা নিৰ্মাণস্থলীত উপস্থিত হৈ পকী নলা নিৰ্মাণ নোহোৱাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা যমৰ-যাতনাৰ বাবে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক ধমক দিয়ে । বিধায়ক গৰাকীৰ উপস্থিতিতে ঠিকাদাৰে JCB লগাই নলা নিৰ্মাণৰ বাবে ঠাই সমূহ পৰিস্কাৰ কৰে ।
লগতে পঢ়ক : Flood and Fright of Elephant Attack:মাজুলীত মহঙা কেৰাচিনে কন্দুৱাইছে বন্যাৰ্তক