Majuli District Taxi Drivers Association: মাজুলী জিলা টেক্সী চালক সন্থাৰ বনগাঁও আঞ্চলিক কমিতি গঠন - Majuli district taxi drivers association meeting
🎬 Watch Now: Feature Video

ৰবিবাৰে বনগাঁও ৰংগমঞ্চত মাজুলী জিলা বেচৰকাৰী গাড়ী চালক সন্থাৰ এখন সভা অনুষ্ঠিত হৈ যায় (Majuli District Taxi Drivers Association)। পূৱ মাজুলী আঞ্চলিক টেক্সী সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই সভাখন । যোৱাটো বছৰত ফুলনি ৰংগমঞ্চত মাজুলীৰ প্ৰতিগৰাকী বেচৰকাৰী চালকক সংগঠিত কৰি মাজুলী জিলা বেচৰকাৰী টেক্সী চালক সন্থা নামেৰে এখন সমিতি গঠন কৰাৰ লগতে জিলাখনত সন্থাৰ আঠখন আঞ্চলিক কমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই সিদ্ধান্ত অনুসৰি ৰবিবাৰে বনগাঁও ৰংগমঞ্চত মাজুলী জিলা টেক্সী চালক সন্থাৰ বনগাঁও আঞ্চলিক কমিতিখন গঠন কৰা হয় । মাজুলীৰ বেচৰকাৰী গাড়ী চালকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূ্হৰ ওপৰত আলোচনা কৰাৰ লগতে চালকসকলৰ জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষা সন্দৰ্ভতো বহলভাৱে আলোকপাত কৰা হয় এই সভাখনত । সভাত মাজুলী জিলা বেচৰকাৰী গাড়ী চালক সন্থাৰ জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:26 PM IST