Vineet Bagaria suicide case: বিনীত বাগাৰীয়া আত্মহত্যা কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ - ডিব্ৰুগড় সদৰ থানা
🎬 Watch Now: Feature Video

সুদীৰ্ঘ চাৰি মাহৰ পিছত সন্ধান ওলাল ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাৰ মূল অভিযুক্ত আজিজ খানৰ (Accused of Vineet Bagaria suicide case) । ৰাজ্য জোকাৰি যোৱা বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ দিনাৰে পৰা পলাতক হৈ থকা আজিজ খানে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰে (Aziz Khan Surrendered)। ইয়াৰ পিছতে আৰক্ষীয়ে আজিজ খানাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে কাৰাগাৰলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে যোৱা ৭ জুলাইত আত্মহত্যা কৰিছিল ডিব্ৰুগড়ৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনীত বাগাৰীয়াই (Vineet Bagaria suicide case)। মৃত্যুৰ পূৰ্বে কেইজনমানৰ নাম উল্লেখ কৰি ভিডিঅ’ প্ৰস্তুত কৰি গৈছিল বিনীত বাগাৰীয়াই । ইতিমধ্য বৈদ্দুলা খান, নিশান্ত শৰ্মা, ছামছুল্লা খান আৰু সঞ্জয় শৰ্মাক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছে যদিও আজিজ খান পলাতক হৈ আছিল ।
Last Updated : Feb 3, 2023, 8:30 PM IST