thumbnail

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 9:58 PM IST

ETV Bharat / Videos

Illegal Burmese Supari : বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহৰ মূল অভিযুক্ত ফকৰ উদ্দিনক গ্ৰেপ্তাৰ

সৰুপথাৰ, 11 ছেপ্টেম্বৰ : অৱশেষত চুঙাজান আৰক্ষীৰ জালত পৰিল বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহৰ মূল অভিযুক্ত ফকৰ উদ্দিন ৷ চুঙাজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁও জিলাৰ তেলিয়া চাপৰিত অভিযান চলাই অবৈধ চুপাৰি সৰবৰাহ লগত জড়িত মূল অভিযুক্ত ফকৰ উদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

দেওবাৰৰে ধনশিৰি মহকুমা অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত জব্দ হৈছিল অবৈধ চুপাৰিভৰ্তি এখন বলেৰ’ বাহন ৷ নাগালেণ্ডৰ পৰা চুঙাজান হৈ চুপাৰিখিনি সৰবৰাহ কৰোঁতেই চুঙাজান থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মাছৰ দানাৰ বস্তাৰ মাজত লুকুৱাই অনা বাৰ্মিজ চুপাৰিখিনি জব্দ কৰিছিল । 

জব্দকৰা বাহনখনৰ নম্বৰ AS 01CC 8408 লগতে চালক সহ দুজনক আটক কৰিছিল আৰক্ষীয়ে ৷ আটক কৰা লোক দুই অভিযুক্ত নগাঁও জিলাৰ ৰূপহীৰ চাইদুল আলম আৰু নগাঁৱৰ তেলিয়াচুকৰ চাইফুল ইছলাম বুলি জানিব পৰা গৈছিল ৷ বৰ্তমান ফকৰ উদ্দিনক চুঙাজান আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে চুঙাজান আৰক্ষীয়ে ।

লগতে পঢ়ক: child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.