Durga puja 2023: টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰৰ বিশেষত্ব কি জানেনে ? - দুৰ্গা পূজা
🎬 Watch Now: Feature Video


Published : Oct 21, 2023, 1:56 PM IST
টীয়ক, 21 অক্টোবৰ: আজি মহা সপ্তমী । ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপত ইতিমধ্যে সপ্তমী পূজা আৰম্ভ হৈ গৈছে । এই দৃশ্য টীয়কৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ ৰাধাকৃষ্ণ মন্দিৰৰ । বিগত চল্লিছ বছৰৰ দৰে এইবাৰো অতি উলহ-মালহেৰে আধ্যাত্মিকতা ৰক্ষা কৰি ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ।
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে উক্ত পূজাভাগলৈ সহযোগিতা আগবঢ়াই আহিছে । উল্লেখ্য যে, টীয়ক নগৰৰ মাজমজিয়াত অৱস্থিত এই ৰাধাকৃষ্ণ মন্দিৰৰ সন্মুখতে পবিত্ৰ টাউন মছজিদ আৰু টাউন গীৰ্জাঘৰ অৱস্থিত । সেয়ে হিন্দু মুছলিম খ্ৰীষ্টান সকলো ধৰ্মৰ লোকৰ সহযোগত এই পূজাভাগ উদযাপন কৰা হয় ।
ইপিনে এইবাৰ বিশ্বত ইউক্ৰেইন আৰু ৰাছিয়া, ইজৰাইল আৰু হামাছৰ মাজত যি যুদ্ধ আৰম্ভ হৈছে আৰু লগতে চুবুৰীয়া ৰাজ্য মণিপুৰৰ যি অশান্ত পৰিৱেশ, সেইয়া নাইকীয়া কৰি বিশ্বত যাতে সুখ-শান্তি মায়ে প্ৰতিষ্ঠা কৰে, তাৰ বাবে মা দেৱীৰ চৰণত সকলোৱে প্ৰাৰ্থনা জনাইছে ৷ সকলোৰে উপস্থিতি তথা সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে । টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগনৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন-
লগতে পঢ়ক : Durga puja 2023: প্ৰতিমা বিসৰ্জন নিদিয়ে জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে