Maha Saptami 2023 : মৰাণৰ সাৰ্বজনীন শিৱ মন্দিৰৰ দুৰ্গা পূজাস্থলীত ভক্তৰ পূজা-অৰ্চনা - পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়া
🎬 Watch Now: Feature Video
Published : Oct 21, 2023, 12:26 PM IST
মৰাণ, 21 অক্টোবৰ : আজি সপ্তমী । কালি সন্ধিয়া দেৱী প্ৰতিষ্ঠা কৰা পাচতেই আজি সপ্তমীৰ পুৱাই ভক্তই আৰম্ভ কৰিছে মা দুৰ্গাৰ পূজা অৰ্চনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে মৰাণৰ সাৰ্বজনীন শ্ৰীশ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজাস্থলীত সপ্তমীৰ পুৱাই ভক্তই আৰম্ভ কৰিছে পূজা অৰ্চনা । চৰাইদেউ জিলাৰ মৰাণৰ 59 সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী শিৱ মন্দিৰৰ দুৰ্গা পূজা প্ৰতিবছৰে এক আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজত শ শ ভক্তই আৰম্ভ কৰে পূজা অৰ্চনা ।
পূজাৰ প্ৰতিটো দিনতে আধ্যাত্মিকতাৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । উল্লেখযোগ্য যে, কালি সন্ধিয়া অৰ্থাৎ মহাষষ্ঠীৰ দিনা মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াই এই মৰাণৰ শ্ৰীশ্ৰী সাৰ্বজনীন শিৱ মন্দিৰ দুৰ্গা পূজাৰ মণ্ডপ মুকলি কৰা হয় ।
লগতে পঢ়ক : Durga Puja 2023: যোৰহাটত পূজা চালে মন্ত্ৰী অজন্তা নেওগে; কুশল কামনা কৰিলে ৰাইজৰ