Maha ashtami 2023 : গহপুৰৰ 100 বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:48 PM IST

Updated : Oct 22, 2023, 9:44 PM IST

thumbnail

গহপুৰ, 22 অক্টোবৰ : আজি মহা অষ্টমী । সমগ্ৰ ৰাজ্যৰ লগতে গহপুৰৰ বিভিন্ন প্ৰান্ততো পূজা আয়োজন কৰিছে ৷ আনহাতে দেৱীৰ আৰ্শীবাদ ল’বলৈ পূজা মণ্ডপত দেখা গৈছে ভক্তৰ ভিৰ । ইফালে গহপুৰ মহকুমাৰ ভিতৰত আটাইতকৈ পুৰণি এখন পূজা মণ্ডপ হৈছে গহপুৰ মহকুমা আৰক্ষী থানা কাষতে থকা পূজা মণ্ডপ ৷ এই পূজা 100 বছৰৰো অধিক পুৰণি ৷

বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো গহপুৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আয়োজন কৰা পূজা মণ্ডপত অষ্টমী পূজা উপলক্ষে ভক্তৰ ভিৰ হোৱা দেখা গৈছে । আনহাতে অষ্টমী পূজা লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী আয়োজন কৰাৰ কথা উল্লেখ কৰে উদযাপন সমিতিয়ে । গহপুৰ মহকুমাৰ ভিতৰত আটাইতকৈ পুৰণি পূজা মণ্ডপৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে আমাৰ সাংবাদিক শ্ৰীমন্ত দাসে ৷

লগতে পঢ়ক :Durga Puja 2023 : বিশ্বনাথত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে বিশেষভাৱে নিৰ্মাণ কৰা এখন পূজা মণ্ডপে

Last Updated : Oct 22, 2023, 9:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.