Maghi Purnima Mahotsav in Baihata: বাইহাটাৰ লেজাত মাঘী পূৰ্ণিমা মহোৎসৱ অনুষ্ঠিত - Maghi Purnima Mela commences in Baihata
🎬 Watch Now: Feature Video
বাইহাাটা, ৫ ফ্ৰেব্ৰুৱাৰী: মাঘ মাহ মানে যেন প্ৰাপ্তিৰ এক সময় । মাঘ মাহ মানেই যেন উৎসৱৰ বতৰ । ইফালে হিন্দু সনাতন ধৰ্মতো আছে মাঘ মাহৰ বিশেষ তাৎপৰ্য । মাঘ মাহ আহিলেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় স্থান ভেদে বিশেষ উৎসৱ (Maghi Purnima Mela commences across Assam) । বিশেষকৈ মাঘী পূৰ্ণিমাৰ দিনটো হিন্দু সনাতন ধৰ্মৰ এক পৱিত্ৰ দিন দিচাপে বিবেচিত হয় । এই মাঘী পূৰ্ণিমাৰ দিনটোতে ভিন্ন ধৰ্মীয় স্থানত নেদেখাজনৰ আশীষ বিচাৰি ভিৰ কৰে ভক্তসকলে ।
দেখা যায় যে, নামনি অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত মাঘ মাহত বিভিন্ন সভা বা সবাহ মহোৎসৱ অনুষ্ঠিত কৰা হয় । বিশেষকৈ অবিভক্ত কামৰূপ জিলাৰ সত্ৰ, নামঘৰ বা মন্দিৰসমুহত অনুষ্ঠিত হয় সবাহ মহোৎসৱ । মাঘী পূৰ্ণিমা বুলি ক'লেই যেন মনলৈ আহে কামৰূপৰ বাইহাটা চাৰিআলি (Maghi Purnima Mahotsav celebration in Baihata) । কামৰূপৰ বাইহাটা চাৰিআলিত প্ৰতি বছৰে আয়োজন কৰা হয় সবাহ মহোৎসৱৰ । ইফালে কমলপুৰৰ লেজাত অনুষ্ঠিত কৰা হয় মাঘী পূৰ্ণিমা উৎসৱ ।
বিগত বছৰবোৰৰ দৰে এইবাৰো কমলপুৰৰ লেজাত অনুষ্ঠিত কৰা হৈছে মাঘী পূৰ্ণিমা উৎসৱ (Maghi Purnima Mela commences in Baihata) । মাঘ মাহৰ পৱিত্ৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয় এই ধৰ্মীয় মহোৎসৱ । কলগছৰ গুৰিৰ পৰা নিৰ্মাণ কৰা এবিধ বিশেষ ধৰণৰ চাকিৰে বন্তি জ্বলাই সংকল্প লয় মহাদেৱৰ ওচৰত । দিনৰ দিনটো উপবাসে থাকি ভক্তিভাৱে প্ৰণিপাত জনাই নেদেখা জনৰ ওচৰত । এই পূজা ভাগ আগবঢ়োৱাৰ ফলত বহুজনৰ মনোকামনা পূৰ্ণ হোৱা বুলিও উল্লেখ কৰে ।
সেয়ে বাইহাটা চাৰিআলিৰ দ্বিগুণপাৰৰ লেজাত এইবাৰো দেখা গৈছে অগণন ভক্তৰ ভিৰ । সকলোৱে নিজৰ মনৰ অভিসিদ্ধি পূৰণৰ বাবে প্ৰাৰ্থনা জনাইছে নেদেখাজনৰ ওচৰত । ইফালে এই উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত দেখা গৈছে এক মেলা সদৃশ পৰিৱেশ ।
লগতে পঢ়ক: Press conference of Jorhat DC : যোৰহাটৰ উন্নয়নৰ বাবে জিলাখনক মৰম কৰাৰ আহ্বান উপায়ুক্তৰ