Madhabdev 535 birth anniversary: বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন

By

Published : Jun 5, 2023, 2:34 PM IST

thumbnail

বৰপেটা, ৫ জুন : আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 535 সংখ্যক আৱিৰ্ভাৱ তিথি (Madhabdev birth anniversary) ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা দ্বাৰকা মথুৰাসদৃশ বৰপেটা সত্ৰত আজি ভকতে পুৱাৰ নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগত ভাগ লয় ৷

বৰপেটা সত্ৰৰ চৌদিশ এতিয়া নাম প্ৰসংগ, হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ পৱিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই তেওঁৰ আশীষ গ্ৰহণৰ উদ্দেশ্যে বহু ভক্ত সত্ৰত উপস্থিত হৈছে ৷ ইপিনে সত্ৰৰ প্ৰসংগৰ পিচতে অনুষ্ঠিত হ’ব ভাগৱত ভ্ৰমণ ৷ বৰপেটা সত্ৰৰ পৰা আৰম্ভ হোৱা ভাগৱত ভ্ৰমণ চহৰখনৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি পুনৰ বৰপেটা সত্ৰত সামৰণি পৰিব ৷

সন্ধিয়া বৰপেটা সত্ৰত এখনী ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব ৷ ইফালে মঙলবাৰে বৰপেটা সত্ৰত প্ৰসাদ বিতৰণ আৰু আই সকলৰ নাম প্ৰসংগৰে দুদিনীয়াকৈ বৰপেটা সত্ৰত পালিত মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ সামৰণি পৰিব (Madhabdev birth anniversary observed in Barpeta) ৷

লগতে পঢ়ক : Balasore train accident: উৰিষ্যা বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত ৰূপক দাসৰ ঘৰত কেশৱ মহন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.