Maa Mansa Devi Puja: বৰপেটাৰ পাটবাউসীত মা মনসা দেৱীৰ পূজা - Lifting water from Nakhanda River

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2023, 10:44 PM IST

Updated : Mar 12, 2023, 10:58 PM IST

বৰপেটা, ১২ মাৰ্চ: বৰপেটা জিলাৰ পাটবাউসীত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মা মনসা দেৱীৰ পূজা মহোৎসৱ (Maa Mansa Devi Puja in Patbausi)৷ পাটবাউসীৰ মা মনসা দেৱী মন্দিৰত পৰম্পৰাগতভাৱে পালন কৰা মা মনসা দেৱীৰ পূজা মহোৎসৱ উপলক্ষে দেওবাৰে পানী তোলা পৰ্ব অনুষ্ঠিত হয় ৷ গাঁওখনৰ সকলো লোকে উপবাসে থাকি হাতে হাতে ঘট, পিতলৰ কলহ লৈ নখন্দা নৈৰ পৰা পানী তুলি মনসা দেৱীৰ মন্দিৰলৈ উভতি আহে (Lifting water from Nakhanda River) ৷  

ধৰ্মীয় শোভাযাত্ৰাৰে ভক্তিপূৰ্ণভাৱে জীয়ৰী-বোৱাৰীসকলে নৈত পানী তুলিবলৈ যোৱা শোভাযাত্ৰাটো মুকলি কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে (Procession at Patbausi in Barpeta) ৷ পানী তোলা পৰ্বৰ পিছতেই যথাবিহীতভাৱে মা মনসা দেৱীৰ পূজা অৰ্চনা আৰম্ভ হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত মা মনসা দেৱীৰ পূজা মহোৎসৱ উপলক্ষে নাম প্ৰসংগৰ লগতে আমন্ত্ৰিত শিল্পীৰ বিবিধ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে  ৷ পূজা মহোৎসৱ উপলক্ষে ভক্তসকলে ধূপ দীপ জ্বলাই, নৈবেদ্য অৰ্পন কৰি দেৱীৰ আশিস লয় ৷ মনসা দেৱীৰ পূজা উপলক্ষে মনসা মন্দিৰ চৌহদত ব্যাপক সংখ্যক ভক্তৰ সমাগম হয় ৷

লগতে পঢ়ক:G 20 delegates meet : ১৩ ৰ পৰা ১৫ মাৰ্চলৈ গুৱাহাটীত হ’ব জি ২০ৰ এছ এ আই ২০ প্ৰতিনিধি বৈঠক

Last Updated : Mar 12, 2023, 10:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.