thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 1:55 PM IST

ETV Bharat / Videos

সংবিধানৰ বিধি ব্যৱস্থাৰ মাজেৰে আছুক পৰিচালিত কৰিবলৈ সংগঠনৰ নেতৃত্বক আহ্বান লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়, 20 নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিবেশনৰ প্ৰাকক্ষণত সংগঠনটোৰ কিছু নীতি নিয়মক লৈ ব্যাপক ভাৱে চৰ্চা হৈছে । বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাত বয়সীয়াল ছাত্ৰ নেতাই কাম-কাজ কৰা লৈ একাংশই সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰি আহিছে ।

ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । মৰাণত সাংবাদিকৰ আগত লুৰিণজ্যোতি গগৈয়ে কেতবোৰ মন্তব্য কৰে ৷

গগৈয়ে কয়, ‘‘অসমৰ ৰাইজৰ হিয়াৰ মাজত থকা এটা সংগঠন হৈছে আছু । এই আছুৰ সৃষ্টিত বহুতৰ ত্যাগ জড়িত হৈ আছে । ইয়াক লৈ বিতৰ্ক হোৱাটো কোনোৱেই নিবিচাৰে । সেয়ে সংবিধানৰ বিধি ব্যৱস্থাৰ মাজেৰে আছু পৰিচালিত হোৱা উচিত’’ ৷

লগতে নতুনকৈ যিসকলে দায়িত্ব ল'ব তেওঁলোকক সংবিধানৰ মতে পৰিচালিত হ'বলৈ আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : ষঠ পূজা চাবলৈ গৈ গোলাঘাটত দুৰ্ঘটনাত পতিত হ’ল বিলাসী বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.