Lok Kalyan Divas: তিনিচুকীয়াৰ ৪ চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান - Lok Kalyan Divas

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2023, 4:23 PM IST

Updated : Aug 5, 2023, 4:38 PM IST

তিনিচুকীয়া, ৫ আগষ্ট:আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি । লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত কনভেনচন চেন্টাৰত শনিবাৰে পালন কৰা হয় লোক কল্যাণ দিৱস । ৰাজ্যবাসীৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়ায় নিজকে কৰ্মত ব্যস্ত ৰখা চৰকাৰী কৰ্মচাৰী সকলক আজি এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিশেষ সন্মান প্ৰদান কৰা হয় ।

তিনিচুকীয়া জিলাৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিয়োজিত হৈ ৰাইজৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱা ৪ গৰাকী কৰ্মচাৰীক আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ সন্মান প্ৰদান কৰা হয় । এই অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত,মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী দীপণ মৰাণকে আদি কৰি জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল ।

লগতে পঢ়ক:Lok Kalyan Divas:যোৰহাটৰ দুই চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

Last Updated : Aug 5, 2023, 4:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.