water pipe explosion: ‘পূৰ্বে গুৱাহাটীত বানপানীত মানুহ মৰিছিল, এতিয়া খোৱাপানীৰ পাইপ ফুটি মানুহ মৰিছে’- ক্ষোভিত ৰাইজ - water pipe explosion

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 12, 2023, 7:33 PM IST

গুৱাহাটী, 12 জুন : "অশোক সিংহল এগৰাকী বহিৰাগত বণিয়া, দালাল ৷ অশোক সিংহালে অসমীয়া মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৷ উন্নয়নৰ নামত অশোক সিংহলে কি কৰিছে। অশোক সিংহলে নিজৰ গুৱাহাটীৰ মাজমজিয়াত ২২ মহলীয়া অট্টালিকা নিৰ্মাণ কৰাৰ বাহিৰে গুৱাহাটীৰ উন্নয়নৰ বাবে কি কৰিছে। জলবিস্ফোৰণৰ সময়ত অশোক সিংহল ক'ত আছিল।" জল বিস্ফোৰণৰ ঘটনাস্থলীত ক্ষোভ উজাৰি এই মন্তব্য প্ৰকাশ কৰে এগৰাকী সাধাৰণ নাগৰিকে ৷

উল্লেখ্য যে, সোমবাৰে গুৱাহাটীৰ কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ খাৰঘুলি সদৃশ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ দিনৰ প্ৰায় তিনি বজাত দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ পানীৰ পাইপ ফাটি ভংয়কৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হয় । জলবিস্ফোৰণৰ ফলত অঞ্চলটোত মুহূৰ্ততে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । 

ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিচতে মন্ত্ৰী অশোক সিংহল ঘটনাস্থলীত উপস্থিত হয় যদিও উপস্থিত ক্ষোভিত ৰাইজৰ ৰোষত পৰা ভয়ত তেওঁ ততালিকে ঘটনাস্থলীৰ পৰা আঁতৰি যায়। মন্ত্ৰীগৰাকীয়ে এই কাম আজিৰ পৰা 5 বছৰৰ পুৰণা বুলি কৈ দায় সৰাৰ চেষ্টা কৰে যদিও ৰাইজৰ প্ৰশ্নত থকা-সৰকা হৈ সন্ধিয়া ৭ বজাত এই প্ৰসংগত জৰুৰী পৰ্যালোচনা সভা আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে ৷

ইপিনে জলবিস্ফোৰণত ক্ষতিৰ সম্মুখীন হোৱা এগৰাকী মহিলাই কয়- "হঠাৎ ঘটনাটো সংঘটিত হৈছে। মই সৰু সন্তানটো সৈতে ওপৰ মহালত আছিলো। জলবিস্ফোৰণ দেখি ঘৰৰ সকলো মানুহ বাহিৰলৈ দৌৰ মাৰিছো। তলৰ মহলাৰ বিচনাৰ ওপৰলৈ পানী উঠিছে। সকলো সামগ্ৰী পানীত ডুবি গৈছে।" 

এই ঘটনাত ওচৰৰ কেইবাখনো দোকান পানীত ডুব গৈছে। দোকানৰ সকলো সামগ্ৰী নষ্ট হোৱাৰ লগতে পথৰ কাষত ৰখাই থোৱা বাহনো ক্ষতিগ্ৰস্ত হয় ৷ মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ পিচতেই গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক তথা কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে এয়া কাৰিকৰী বিজুতি। ঘটনাটোৰ নিৰীক্ষণ কৰা হ'ব। প্ৰয়োজন হ'লে ঘটনাৰ তদন্ত হ'ব পাৰে বুলি তেওঁ সদৰী কৰে । ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিব বুলি তেওঁ সদৰী কৰে। 

আনহাতে এগৰাকী ভুক্তভোগী লোকে কয় যে, পূৰ্বে গুৱাহাটীত বানপানীত মানুহ মৰিছিল । এতিয়া খোৱাপানীৰ পাইপ ফুটি মানুহ মৰিব লাগিছে। উল্লেখ্য যে, ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

লগতে পঢ়ক: water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.