Self Employment Training in Karbi Anglong: কাৰ্বি আংলঙত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কেডাৰক পশুপালনৰ প্ৰশিক্ষণ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:51 PM IST

thumbnail

ডিফু, ১০ অক্টোবৰ : ইতিপূৰ্বে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা কাৰ্বি আংলং জিলাৰ ছটাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কেডাৰসকলৰ বাবে আত্ম সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলাখনৰ আৰক্ষী প্ৰশাসনে । এই উদ্দেশ্য আগত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিফুৰ সমীপৰ চুতীয়ানালা ৰংবাং তিমুং গাঁৱত গো আৰু কুকুৰা পালনৰ এক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে । উক্ত শিৱিৰত শান্তি চুক্তিত স্বাক্ষৰ কৰা ছটা প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ ৩০ গৰাকী সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে । প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই প্ৰশিক্ষণ লাভ কৰা সদস্যসকলক পৰৱৰ্তী সময়ত বেংকৰ পৰা ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হʼব বুলি জানিবলৈ দিয়ে । কাৰ্বি আংলং জিলা পশুপালন বিষয়া দিলীপ মহন্তকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.