Live Bullets Recovered : শোণিতপুৰৰ গুদামঘাটত উদ্ধাৰ সজীৱ গুলী

By

Published : Aug 3, 2023, 5:19 PM IST

thumbnail

ৰঙাপৰা, 3 আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটত উদ্ধাৰ কৰে কেইবাজাঁই সজীৱ গুলী ৷ গুদামঘাটৰ আমনি চেন্টাৰত অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণকাৰীৰ মূল অভিযুক্ত আনোৱাৰ হুছেইন ওৰফে আনাৰৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে একে-47 বন্দুকৰ পাঁচ জাঁই, একে ইনচাৰ্জ বন্দুকৰ পাঁচ জাঁই, নাইন এম এম পিষ্টলৰ দুই জাঁইকে ধৰি মুঠ 12 জাঁই সজীৱ গুলী ৷  

চাৰিদুৱাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা চলাইছিল অভিযান ৷ সজীৱ গুলী উদ্ধাৰ হোৱা সন্দৰ্ভত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষগৰাকীয়ে অভিযুক্তক চলাইছে মাৰাথন জেৰা ৷ অভিযুক্ত আনোৱাৰ হুছেইন চোৰাং চিকাৰৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইফালে অভিযানত আৰক্ষীক আক্ৰমণ কৰা দাখনো উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক : Robbery incident in Guwahati: ৰাজপথত ৰখাই থোৱা বলেৰ’ বাহনৰ আইনা ভাঙি লুটিলে নগদ ধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.