ঠেঁটুৱৈ লগা জাৰৰ মাজতে এইবাৰ আহি আছে শিলাবৃষ্টি, বিজুলি-ঢেৰেকনি - Hailstorm to hit the Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:04 PM IST

মিৰ্জা, 16 জানুৱাৰী : ঠেঁটুৱৈ লগা জাৰত কঁপিছে ৰাজ্যবাসী ৷ তাতে ৰাজ্যৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ সৈতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা ৰাজ্যবাসীক দিছে সতৰ্কবাণী ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আগজাজনী দিয়া অনুসৰি, 24 ঘন্টাৰ ভিতৰত ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা, বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে, বাংলাদেশৰ দক্ষিণ দিশৰ সাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মজলীয়াৰ পৰা শিলাবৃষ্টিৰ সম্ভৱনা আছে বুলি জানিবলৈ দিছে বতৰ বিজ্ঞানীয়ে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি, 17 জানুৱাৰীতো অসম, মেঘলয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকনিৰ সৈতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আগন্তুক দুদিনলৈ ডাঠ কুঁৱলীয়ে আবৰি থাকিব বুলিও জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে ।

লগতে পঢ়ক : চিনেমাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা‌ উচিত নহয়: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.