Lesser Adjutant Stork: বিলুপ্তপ্ৰায় বৰটোকোলা সংৰক্ষণৰ প্ৰচেষ্টা - বৰটোকোলা সংৰক্ষণ
🎬 Watch Now: Feature Video
চামগুৰি, 4 এপ্ৰিল: বহু বছৰ পূৰ্বে বিভিন্ন ঠাইত সততে বৰটোকোলা দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি বৰটোকোলা এক দুৰ্লভ পক্ষী ৷ খাদ্য আৰু বাসস্থানৰ অভাৱৰ লগতে দুস্কৃতিকাৰীয়ে নিধন কৰাৰ পৰিপ্ৰেক্ষিতত দ্ৰুতগতিত হ্ৰাস পাই বৰ্তমান বিলুপ্তপ্ৰায় হৈ পৰিছে বৰটোকোলা (Lesser Adjutant Stork) ৷
নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ সমীপৰ নৰ্তম গাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আছে বৃহৎ আকাৰৰ এজোপা বিশেষ অৰ্জুন গছ ৷ সকলোৰে উৎসুকতা সীমাবদ্ধ হৈ ৰৈছে এইজোপা বিশেষ গছৰ ওপৰত (Lesser Adjutant Stork in Assam) । কিয়নো গছজোপাত বাস কৰিছে সময়ৰ গতিত বিলুপ্ত হ’বলৈ ধৰা কেইবাটাও বৰটোকোলাই (Lesser Adjutant Stork in Nagaon) । গছজোপাত কেইবাটাও বাহ সাজিছে বিলুপ্তপ্ৰায় এই পক্ষীবিধে ।
গছজোপাত বহু বছৰ ধৰি বাস কৰি আহিছে বৰটোকোলাকেইটাই ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ সময়ত ৰাস্তাৰ কাষৰ গছবোৰ কাটিছিল যদিও বহু প্ৰকৃতিপ্ৰেমী আৰু দল-সংগঠনৰ প্ৰচেষ্টাত গছজোপা ৰক্ষা পৰিছিল ৷ এতিয়া দুস্প্ৰাপ্য বৰটোকোলাকেইটাৰ বংশ বৃদ্ধিৰ কাৰণে এক সুস্থিৰ পৰিবেশৰ নিতান্তই প্ৰয়োজন ৷ দৈনিক হাজাৰ হাজাৰ গাড়ী চলাচল কৰা এই পথটোৰ হুলস্থুলীয়া পৰিবেশৰ বাবে বৰটোকোলাকেইটাৰ অস্তিত্ব সম্প্ৰতি বিপদাপন্ন (Conservation of Lesser Adjutant Stork) ৷
বৰটোকোলা কেইটাক ৰক্ষণাবেক্ষণৰ লগতে এক সুস্থিৰ পৰিবেশৰ মাজত বসবাস কৰিবলৈ দিয়াৰ উদ্দেশ্যে শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) উৰিয়াগাঁও আৰু পুৰণিগুদাম আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত গছজোপাৰ সমীপত সজাগতাৰ বাবে হৰ্ডিং লগোৱা হয় ৷ বৰটোকোলাকেইটাই যাতে ভয় নাখায় তাৰ বাবে গাড়ী সমূহৰ গতি মন্থৰ কৰা, সেইস্থানত হৰ্ণ নবজোৱাৰ লগতে ৰাতি লাইটৰ ডীপাৰ ব্যৱহাৰ কৰিবলৈ হৰ্ডিঙৰ জৰিয়তে আহ্বান জনাইছে সংগঠনটোৱে (AJYCP appeal to save Lesser Adjutant Stork) ৷