thumbnail

Leopards body found in Jorhat: মৰিয়নিত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

By

Published : Feb 14, 2023, 4:40 PM IST

যোৰহাট, ১৪ ফেব্ৰুৱাৰী:  যোৰহাট জিলাৰ মৰিয়নিৰ নাগিনীজানত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ (Leopards body found in Mariani) ৷ নাহৰফুটুকীটোক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে (Miscreants shot dead Leopard at Mariani)। মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আৰু মৰঙিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ নাগিনীজান চাহ বাগিচাৰ অসম-নাগালেণ্ড সীমান্তৰ বাগিছাখনৰ ২৩ নং ছেক্টৰত মঙলবাৰে পুৱতি নিশা নাহৰফুটুকীটোৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ।

ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে । বনবিভাগৰ লোকে নাহৰফুটুকীটোৰ দেহত গুলীৰ চিন প্ৰত্য়ক্ষ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে  ৷ এই নাহৰফুটুকীটোৰ দুদিন পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে । উল্লেখ্য যে, মৰিয়নিৰ নাগালেণ্ড সীমান্তৱৰ্তী দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অৱাধ হাৰত নগাই ভূমি বেদখল কৰি আহিছে (Disai Valley Reserve Forest) । 

নগাই অৱাধে বনাঞ্চল ধ্বংস কৰি  অহাৰ ফলত জনাঞ্চললৈ ওলাই আহিছে বিভিন্ন জীৱকুল । বিভিন্ন জীৱ-জন্তুক নগা দুৰ্বৃত্তই হত্যা কৰি অহাৰ অভিযেগ দীৰ্ঘদিনীয়া । সেয়েহে এই নাহৰফুটুকীটো নগা দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে (Encroachment of Naga in Disai Valley Reserve Forest) । কাৰণ বৃহস্পতিবাৰৰ পৰাই নগাই মাৰণাস্ত্ৰ লৈ অসম ভূমিত তাণ্ডৱ চলাই আহিছে ।

আনহাতে, এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ ঘটনাত প্ৰকৃতিপ্ৰেমী লোকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখ্য যে, যোৰহাট জিলাখনত বিগত বছৰত কেইবাটাও নাহৰফুটুকী বাঘ মৃত্যু মুখত পৰিছে (Leopards death in Jorhat) । এই মৃত্যু প্ৰাকৃতিক কাৰণত নহয়, মানৱৰূপী একাংশ লোকৰ অত্যাচাৰ তথা দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হোৱা ঘটনা বুলি মন্তব্য় কৰিছে প্ৰকৃতি প্ৰেমীসকলে ।

লগতে পঢ়ক: Exam Paper Leaked: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল; প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ গৰাকীক তলব আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.