Leopard tranquilized : ডিব্ৰুগড়ত ট্ৰেংকুলাইজড কৰা হ’ল এটা নাহৰফুটুকীক - বন বিভাগে ট্ৰেংকুলাইজড কৰিলে এটা নাহৰফুটুকীক
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান । এটা নিশা চেষ্টাৰ অন্তত বন বিভাগে ট্ৰেংকুলাইজড কৰিলে এটা নাহৰফুটুকীক (Leopard tranquilized in Dibrugarh)। বুধবাৰে সন্ধিয়া জনাঞ্চললৈ ওলাই আহিছিল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ তাৰ পাচতে চহৰখনৰ ডিব্ৰুজান অঞ্চলৰ মুকিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটোৱে । নাহৰফুটুকীটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি এই বাঘটোৰ আক্ৰমণত আহত হয় আছলম আয়াজ ওৰফে মিন্টু নামৰ এজন লোক । ইফালে এই ঘটনাৰ সম্ভেদ লাভ কৰিয়েই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘ ধৰিবলৈ যুদ্ধকালীন চেষ্টা কৰে । উৰে নিশা বন বিভাগৰ দলৰ প্ৰচেষ্টাৰ অন্তত বৃহস্পতিবাৰে পুৱতি নিশা ট্ৰেংকুলাইজ কৰা হয় বাঘটোক ৷ আনাহাতে, নিশাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা বুজ লয় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । এই ক্ষেত্ৰত পাৰ্যমানে সকলোকে সহায় কৰিব বুলিও আশ্বাস প্ৰদান কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST