Bhupen Hazarika 97th birthday: সুধাকণ্ঠৰ স্মৃতি বিজড়িত সমলবোৰ সংৰক্ষণৰ আহ্বান শংকৰ পাটোৱাৰীৰ - ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা শংকৰ পাটোৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-09-2023/640-480-19466240-thumbnail-16x9-hv.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 9, 2023, 7:12 AM IST
ধেমাজি, 9 ছেপ্টেম্বৰ: ভাৰত ৰত্ন উপাধিৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিন শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হয় ৷ বিশেষ দিনটোত গণশিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিয়ে ৷ সুধাকণ্ঠৰ কালজয়ী গীত সন্দৰ্ভত গৱেষণা কৰি সন্মানীয় ডক্টৰেট উপাধি গ্ৰহণ কৰা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা শংকৰ পাটোৱাৰীৱেও গণশিল্পীগৰাকীৰ বিশেষ দিনটোত প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে ৷
প্ৰয়াত শিল্পীগৰাকীৰ বিশেষ দিনটোত অসমৰ লগতে পশ্চিমবংগৰ টালিগঞ্জত থকা শিল্পীগৰাকীৰ স্মৃতি বিজড়িত হৈ থকা সমলবোৰ সংৰক্ষণৰ বাবে চৰকাৰক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ ড° ভূপেন হাজৰিকাৰ সকলো স্মৃতি সংৰক্ষণ আৰু সংবৰ্ধন কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় প্ৰয়াত শিল্পীগৰাকীৰ একান্ত অনুগামী ড৹ শংকৰ পাটোৱাৰীয়ে ৷
লগতে পঢ়ক: Bhupen Hazarika: ৯৭ তম্ জন্ম বাৰ্ষিকীত সৰুপথাৰত গীতে মাতে ভূপেন্দ্ৰ স্মৰণ