Tilak Chandra Gogoi birth centenary: প্ৰবীণ ৰাজনীতিবিদক পাহৰিলে কংগ্ৰেছে - প্ৰবীণ ৰাজনীতিবিদক পাহৰিলে কংগ্ৰেছে
🎬 Watch Now: Feature Video

যোৰহাট, ১০ এপ্ৰিল: যোৰহাটত উদযাপন কৰা হয় প্ৰবীণ মুক্তিযোদ্ধা, প্ৰাক্তন মন্ত্ৰী আৰু ৰাজ্যসভা সাংসদ প্ৰয়াত তিলক চন্দ্ৰ গগৈ জন্ম শতবর্ষ । অসম ৰাজ্যিক মুক্তিযুঁজাৰো সন্মিলনৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাটৰ পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই উক্ত শতবৰ্ষ (Late Tilak Chandra Gogoi birth centenary celebrated in Jorhat) ।
সোমবাৰে অনুষ্ঠিত শতবৰ্ষ অনুষ্ঠানত পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজলন কৰি জিলাখন মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ হয় (Tilak Chandra Gogoi birth centenary) । উক্ত বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত পুলক মহন্তকে আদি কৰি । উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত প্ৰভাৱশালী মন্ত্ৰীৰূপে পৰিচিত আছিল এইগৰাকী কংগ্ৰেছ নেতা তিলক চন্দ্ৰ গগৈ (Congress leader Tilak Chandra Gogoi) ।
যোৰহাট জিলা টীয়ক চেলেংহাট বৰনগঞা গাঁৱৰ তিলক চন্দ্ৰ গগৈয়ে টীয়ক বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰাৰ উপৰি ১৯৭৭ চনত ৰাজ্যসভাৰ সাংসদৰূপেও নিৰ্বাচিত হৈছিল ৷ তিলক চন্দ্ৰ গগৈয়ে অসমত কংগ্ৰেছৰ বেয়া দিনতো গুৰি ধৰি তথা সৱল নেতৃত্বত দি আগুৱাই নিছিল । ১৯৮৫ চনৰ ২৩ জুলাইত মৃত্যু হৈছিল এইগৰাকী সৱল ৰাজনীতিকৰ । বেয়া দিনত কংগ্ৰেছ দলক আগুৱাই নিয়া কংগ্ৰেছ দলে ৰাজনীতিবিদ তিলক চন্দ্ৰ গগৈক মৃত্যুৰ পাছতো প্ৰকৃত সন্মান বা স্বীকৃতি প্ৰদান নকৰিলে বুলি এক গুৰুত্ব অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।