Poison in Brahmaputra : ব্ৰক্ষ্মপুত্ৰত বিহ ঢালি বৃহৎ পৰিমাণৰ মাছ-হাঁহ নিধন - pouring poison in Brahmaputra
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/640-480-19992351-thumbnail-16x9-barpeta.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 10, 2023, 3:08 PM IST
নগাঁও, 10 নৱেম্বৰ: নগাঁও-শোণিতপুৰ জিলাৰ চৰাঞ্চলত মাতব্বৰীৰাজৰ ভয়ংকৰ পৰিণতি। অঞ্চলটোত মাতব্বৰৰ নেতৃত্বত ব্ৰক্ষ্মপুত্ৰত বিহ ঢালি একাংশ লোকে মাছ, হাঁহ আদি নিধন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । নগাঁও জিলাৰ ধিঙৰ কমলসুঁতি চৰত মাতব্বৰৰ নেতৃত্বত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড।
অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰত বিহ দিয়াৰ ফলত নিধন হৈছে কুইণ্টলে কুইণ্টলে মাছ আৰু শ-শ হাঁহ। কমলসুঁতি চৰৰ ইছলাম আৰু উদ্দিন উপাধিৰ মাতব্বৰৰ নেতৃত্বত এটা দলে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।
এই সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীৰ কাষ চাপি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো তদন্ত আৰম্ভ কৰা নাই স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক: Mega projects : অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ; বৃদ্ধি নিৰ্মাণ ব্যয়