Flood in Lakhimpur: লখিমপুৰত পুনৰ বানৰ তাণ্ডব; কাকৈ, চেনীমাই নৈৰ বানে বুৰালে বিস্তীৰ্ণ অঞ্চল - লখিমপুৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 6, 2023, 2:30 PM IST

লখিমপুৰ, 6 জুলাই: পুনৰ বানৰ কবলত পৰিছে লখিমপুৰ জিলা ৷ লখিমপুৰ নগৰৰ সমীপৰ কদম অঞ্চলত কাকৈ আৰু চেনীমাই নৈৰ বানে বিস্তৰ ক্ষতি সাধন কৰিছে অঞ্চলটোৰ ৷  

পুনৰ বানৰ কবলত লখিমপুৰ ৷ লখিমপুৰ নগৰৰ সমীপৰ বৃহত্তৰ কদম অঞ্চলত বানৰ প্ৰকোপ ৷ কাকৈ নৈ আৰু চেনিমাই নৈৰ বাঢ়নী পানীৰ কবলত কদম টেঙাবস্তি অঞ্চল ৷ নিশাৰ ভাগত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ দহ খনৰো অধিক গাঁও বানৰ কবলত পৰে ৷ ঘৰ-বাৰী, শস্য ক্ষেত্ৰৰ বিস্তৰ ক্ষতি হয় এই বানৰ প্ৰকোপত ৷

জলপ্ৰলয়ত বহু লোক ঘৰতে বন্দী হৈ পৰাৰ বাবে এছডিআৰএফ বাহিনীয়ে অভিযান চলাই জলবন্দী সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনে ৷ হঠাৎ হোৱা এই বানৰ বাবে ৰাইজ সাজু নথকাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি হয় ৷ উল্লেখ্য যে, মাথোঁ কেইদিনমানৰ আগতে জিলাখনত শিঙৰা, ৰঙা নদী, গাভৰু নৈৰ বানে ব্যাপক ক্ষতি কৰাৰ পাছত এইবাৰ কাকৈ আৰু চেনীমাই নৈৰ বানে কদমৰ বৃহত্তৰ অঞ্চলত তাণ্ডব সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Dalgaon Protest:বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে পথচাৰীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.