Land Controversy : এডোখৰ ভূমিৰ নামজাৰিক লৈ সৃজনগ্ৰামত নাভূত-নাশ্ৰুত কাণ্ড - Land Sold Controversy at Srijangram
🎬 Watch Now: Feature Video


Published : Sep 28, 2023, 9:04 PM IST
মাণিকপুৰ, 28 ছেপ্টেম্বৰ : বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ এডোখৰ ভূমিৰ নামজাৰিৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি 4 মাহ পূৰ্বে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত কীৰ্ত্তনপাৰা 2য় খণ্ডত স্বপন কুমাৰ আৰ্য্যৰ পৰা 3 কঠা 15 লেচা মাটি শ্বহীদ আলী আৰু বাবৰ আলীয়ে ক্ৰয় কৰিছিল ৷
মাটি ক্ৰয় কৰাৰ পিচতে বিভাগীয়ভাৱে পঞ্জীয়ন হোৱাৰ লগতে যোৱা ৪ আগষ্ট তাৰিখত শ্বহীদ আলী আৰু বাবৰ আলীৰ নামত মাটিখিনি নামজাৰি হয় ৷ কিন্তু পুনৰ 11 ছেপ্টেম্বৰ তাৰিখে সৃজনগ্ৰাম চক্ৰ বিষয়াৰ কাৰ্যালয়ে মাটিখিনিৰ নামজাৰি কৰ্তন কৰে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ক্ৰয় কৰা মাটি পঞ্জীয়ন হৈ নামজাৰি হোৱাৰ পিচত কেনেকৈ নামজাৰি কৰ্তন হ'ব পাৰে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনা সংক্ৰান্তত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগীয়ে ৷
লগতে পঢ়ক:Erani group member arrested: বঙাইগাঁৱত ইৰাণী গ্ৰুপৰ সদস্য আটক