Land Management: জিলা আয়ুক্তৰ কাৰ্যালয়ত ধূলি-মাকতিত পোত গৈছে মাটি-কিনা বেচাৰ অনুমতিৰ বহু ফাইল - Land Management and Agreement in Assam
🎬 Watch Now: Feature Video


Published : Aug 23, 2023, 10:28 AM IST
কলিয়াবৰ, 23 আগষ্ট: মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ একাংশ কৰ্মচাৰীয়ে ৷ ৪৫ দিন দূৰৰ কথা ৪-৫ মাহৰ পিচতো আবেদনকাৰীয়ে লাভ নকৰে মাটি-কিনা বেচাৰ অনুমতি ৷ ৰঙা ফিটাৰ মেৰপেচত মাটি-কিনা বেচাৰ অনুমতিৰ ফাইল ৷ যাৰ ফলত মাটি কিনা-বেচাত অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৪৫ দিনৰ ভিতৰত মাটি কিনা-বেচাৰ অনুমতিৰ কাম সম্পূৰ্ণ কৰিব লাগিব । কিন্তু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাটি কিনা-বেচাৰ অনুমতি বিচাৰি আবেদন পঠাই আয়ুক্ত কাৰ্যালয়লৈ । কিন্তু আয়ুক্ত কাৰ্যালয়তে মাহৰ পাচত মাহ ধৰি পৰি ৰৈছে মাটি কিনা-বেচাৰ বাবে কৰা আৱেদনৰ ফাইলসমূহ ৷
ফলত বিপদত পৰি মাটি বিক্ৰী কৰিব গৈ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে ৰাইজে । অৱশেষত হাতে-হাতে আবেদন পত্ৰৰ প্ৰতিলিপি লৈ কলিয়াবৰৰ বৰঘূলীৰ একাংশ ভুক্তভোগীয়ে মাটি বিক্ৰীৰ অনুমতি পাবলৈ জিলা আয়ুক্তলৈ জনালে প্ৰাৰ্থনা ।
লগতে পঢ়ক: Child kidnapped: চকলেট খুৱাবলৈ নি 4 বছৰীয়া কণমানিক অপহৰণ