Shop scam in Dhemaji: ৰাজহুৱা বজাৰৰ ভূমিত চৰকাৰী পক্ষই নিৰ্মাণ কৰা গৃহৰ পৰা লাভান্বিত ভূ-মাফিয়া - টেকজুৰি বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 29, 2023, 4:05 PM IST

ধেমাজি, 29 জুন :  ধেমাজিত ৰাজহুৱা বজাৰৰ ভূমিত নিৰ্মাণ কৰা গৃহকে ভাড়াত দি কোনে সংগ্ৰহ কৰিছে গুণ্ডা টেক্স ? ৰাজহুৱা বজাৰৰ ভূমিত একাংশ স্থানীয় ভূ মাফিয়াৰ লোলুপ দৃষ্টি ৷ ৰাজহুৱা বজাৰৰ ভূমিত আঞ্চলিক পঞ্চায়তে নিৰ্মাণ কৰি দিয়া গৃহকে পুনৰ নিৰ্মাণ কৰি নিজৰ গৃহ বুলি দাবী কৰি ভাড়া সংগ্ৰহ কৰি আহিছে স্থানীয় একাংশ ধুৰন্ধৰ লোকে ৷ ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ অধীনৰ 5নং টেকজুৰি বজাৰৰ ভূমিত এনেদৰে চলিছে বে-দখল ৷ দীৰ্ঘদিন ধৰি ৰাজহুৱা বজাৰৰ এনে গৃহৰ কোঠা পুনৰ নিৰ্মাণ কৰি স্থানীয় কেইবাগৰাকী যুৱকৰ পৰা একোটা কোঠাৰ বাবদ ১০০০০ পৰা ১৫০০০ টকা চিকিউৰিটি ধনসহ প্ৰতিমাহে 700 ৰ পৰা 800 টকা পৰ্যন্ত ভাড়া আদায় লৈ আহিছে স্বয়ম্ভু দোকান গৃহৰ মালিকসকলে ৷

স্থানীয় একাংশ সচেতন লোকে পোহৰলৈ আনিছে এনে ৰাজহুৱা ভূমিৰ ওপৰত চলি থকা অৰাজকতাৰ কাহিনী ৷ ইপিনে এই বিষয়ে ব্যৱসায়ীসকলক সোধা পোছা কৰাৰ পিচত চিকিউৰিটি সহ প্ৰতিমাহে ভাড়া দি থকাৰ কথা স্বীকাৰ কৰে কেইবাগৰাকী ব্যৱসায়ীয়ে ৷ এই সন্দৰ্ভত পঞ্চায়তটোৰ বৰ্তমানৰ সভাপতি গৰাকীয়েও স্পষ্ট কৰি দিয়ে যে বজাৰৰ চৌহদত থকা গৃহবোৰ আন কাৰোবাৰ হ’ব নোৱাৰে ৷

বজাৰখনৰ গৃহ নিৰ্মাণ কৰি দিছে আঞ্চলিক পঞ্চায়তে ৷ কোনোবাই সেই ঘৰটোকে পুনৰ মেৰামতি কৰি নিজৰ বুলি দাবী কৰাটো হাস্যকৰ ৷ অনুৰূপভাৱে বজাৰ চৌহদত ইতিমধ্যে বহুকেইটা গৃহ কোনোবাই নিৰ্মাণ কৰিছে যদিও কোনে কি কাৰণত ৰাজহুৱা ভূমিত এনেদৰে নিৰ্মাণ কৰিছে সেই বিষয়ে পঞ্চায়তৰ সভাপতিগৰাকী বিদিত নহয় ৷ ৰাজহুৱা টেকজুৰি বজাৰৰ ভূমি অচিৰেই বে-দখল মুক্ত হ’ব লাগে বুলি দাবী তুলিছে সচেতন মহলে ৷

লগতে পঢ়ক : Vegetable prices: ৰাজ্যৰ পাচলি বজাৰত মূল্যবৃদ্ধিৰ জুই; মোনা ভৰাই বজাৰ আনিবলৈ গধুৰ হ’ব লাগিব জেপ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.