Landslide in Arunachal: অসম-আৰুণাচল সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন - land collapsed on 13 no National Highway
🎬 Watch Now: Feature Video
জোনাই, 16 জুলাই: অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ যোৱাসকল সাৱধান হওঁক ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ পাচিঘাট সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত চপৰা চপৰে খহি পৰিছে পকী পথ ৷ শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰিছে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ যোৱা ঘাইপথ ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত।
দেওবাৰে অসম-অৰুণাচল সীমান্ত পূব চিয়াং জিলাৰ পাচিঘাট আৰু পশ্চিম চিয়াং জিলাৰ আলং পথৰ ৰতটুং অঞ্চলত দুৰ্গম পাহাৰ অংশত স্তব্ধ হৈ পৰিছে যাতায়ত ৷ পথচাৰীৰ ভাষ্য অনুসৰি শনিবাৰৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে আলং আৰু পাচিঘাট সংযোগী একমাত্ৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ বিভিন্ন অংশ খণ্ড বিখণ্ড হৈ পৰিছে। চপৰা চপৰে খহি পৰিছে পকী পথ। পথটোৰে অহা যোৱা কৰা শ শ যান-বাহন আৱদ্ধ হৈ পৰিছে ৷ এতিয়া হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত। নেৰানেপেৰা বৰষুণৰ ফলত আলং আৰু য়িংকং পথৰ অৱস্থাও শোচনীয় হৈ পৰিছে ৷
লগতে পঢ়ক: Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা
TAGGED:
13 no National Highway