Outbreak of Lampi disease: লাম্পি ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিহপুৰীয়াত

By

Published : Jun 14, 2023, 5:57 PM IST

thumbnail

বিহপুৰীয়া, ১৪ জুন:লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অধিকাংশ পৰিয়ালৰ গোহালি হৈছে উদং । কাৰণ লাম্পি চৰ্মৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছে বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত । বিশেষকৈ বিহপুৰীয়াৰ দক্ষিণ দিশৰ বদতি জামুগুৰিত এই ৰোগবিধে ভয়াৱহ ৰূপ ধাৰণ কৰাত অধিকাংশ কৃষক পৰিয়ালৰ গোহালি উদং হ'বলৈ ধৰিছে ৷

এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে শ শ গোধনৰ মৃত্যু হৈছে । ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যৰ পশুপালন বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । ইপিনে, শালিখেতিৰ বতৰত হালৰ বলধহাল নোহোৱা হৈ পৰাত দিশহাৰা হৈ পৰিছে চহা কৃষকসকল । দুৰ্ভাগ্যজনকভাৱে এই ৰোগবিধে গৰুৰ পৰা অন্য জীৱ জন্তুলৈ প্ৰাদুৰ্ভাৱ হোৱাৰ ফলত কুকুৰ মেকুৰিও অঞ্চলটোত ক্ৰমান্বয়ে নোহোৱা হৈ পৰিছে । স্থানীয় কৃষকসকলে বিভাগীয় বিষয়া কৰ্মচাৰী সকলক বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো কিন্তু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । কুম্ভকৰ্ণ নিদ্ৰাত থকা ৰাজ্যৰ পশুপালন বিভাগটোক এই মহামাৰী ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় কৃষক পৰিয়াল সমূহে ৷

লগতে পঢ়ক:AJYCP protest in Tinsukia:ইংৰাজীত পাঠদান বাতিলৰ দাবীত AJYCP ৰ ধৰ্মঘট

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.