thumbnail

By

Published : Jun 10, 2023, 7:43 PM IST

ETV Bharat / Videos

Lampi virus infects cow: গহপুৰত লাম্পি ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাব

গহপুৰ,10 জুন : ‘‘আমি খেতি কৰি যেনে মতে খাই জীয়াই আছো ৷  খেতিৰ দিনত যদি গৰুশাল বেমাৰত পৰে তেতিয়া হ’লে আমি খেতি কৰিব নোৱাৰোঁ ৷ আমি খেতিয়ক মানুহ ৷ গৰুশালে আমাৰ বাবে হাথিয়াৰ ৷ মাননীয় মন্ত্ৰী ডাঙৰীয়া আমাক সহায় কৰক ৷’’ এই অসহায় মন্তব্য গো-পালক তথা কৃষকৰ (Lampi virus in Gohpur) ৷  ৰাজ্যৰ পোহনীয়া গৰুৰ দেহত দেখা গৈছে এবিধ সোঁচৰা ৰোগ ৷ অসমত মাৰাত্মক ‘লাম্পি স্কিন ডিজিছ’ নামৰ ৰোগ বিধৰ বাবে হাহাকাৰ কৃষকৰ ৷ শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰৰ বিভিন্ন অঞ্চলতো এই ৰোগ পশুধনৰ দেহত বিয়পি পৰিছে ৷ এই ৰোগবিধ হ’লে গৰু-ম’হৰ দেহত প্ৰথম অৱস্থাত জ্বৰ হৈ ঘাঁহ পানী নাখায় জুপুকা মাৰি থাকে (lampi virus infects cow)। পিচত বসন্ত ওলোৱাৰ দৰে ছালত টেমুনা উঠে আৰু টেমুনা ফাটি মঙহ গেলিবলৈ ধৰে ৷ এই ৰোগৰ প্ৰাৰ্দুভাৱৰ ফলত পশুপালনৰ লগত জড়িত দুগ্ধ উৎপাদনকাৰীসকলৰ ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷  ইফালে গহপুৰ মহকুমা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে । ফলত গহপুৰ মহকুমা টিঙালীবড়ী,শিমলুগুৰি,ৰঙাজান,সোণাপুৰ হেলেম আদি অঞ্চলত ব্যাপক হাৰত এই ৰোগবিধ গৰুৰ দেহত দেখা গৈছে (disease in the body of a cow)।

লগতে পঢ়ক:Silsako Eviction: শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; জৰীপ চলাবলৈ উপস্থিত বৃহৎ আৰক্ষীৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.