thumbnail

Lampi disease in Assam: কলিয়াবৰত লাম্পী ৰোগক লৈ শংকিত গো পালক

By

Published : May 11, 2023, 3:11 PM IST

কলিয়বৰ, ১১ মে': কলিয়াবৰত লাম্পী ৰোগৰ প্ৰাদুৰ্ভাৱ (Outbreak of Lampi disease)। কম-বেছি পৰিমানে কলিয়াবৰৰ কেইবাখনো গাঁৱত গোধনৰ গাত দেখা দিছে লাম্পী ৰোগে । বিশেষকৈ পশ্চিম কলিয়াবৰৰ গাঁৱত গোধনৰ শৰীৰত দেখা দিছে এই ৰোগৰ ভাইৰাছ বিধে । ইতিমধ্য়ে লাম্পী ৰোগত কেইবাটাও গৰুৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে পশু চিকিৎসকে (Lampi disease in Kaliabor)।  

ভয়ানকভাৱে সংক্ৰমিত হোৱা এই ভাইৰাছবিধক লৈ চিন্তিত হৈছে গো-পালক আৰু সাধাৰণ কৃষিজীৱী ৰাইজ । লাম্পী ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাত কলিয়াবৰত শংকিত হৈছে গো-পালক । সেয়েহে লাম্পী ৰোগৰ ভেকচিন আৰু চিকিৎসা প্ৰদানৰ বাবে সংশ্লিষ্ট বিভাগ তথা চৰকাৰক আহ্বান জনাইছে গো-পালক আৰু চহা কৃষিজীৱী ৰাইজে ।

লগতে পঢ়ক: Polygamy in Assam: পুৰুষসকলক টাৰ্গেট কৰা হৈছে আৰু মহিলাসকলক স্বাধীনতা দিয়া হৈছে : মুখ্যমন্ত্রী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.