Lakhimpur missing case : বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক - Lakhimpur missing case
🎬 Watch Now: Feature Video
লখিমপুৰ ২৪ মাৰ্চ : ৰাজধানী দিল্লীত সন্ধানহীন অৱস্থাত আছে অসমৰ এজন যুৱক । যোৱা 20 মাৰ্চৰ পৰা দিল্লীৰ পাহাৰগঞ্জ এলেকাৰ পৰা নিৰুদ্দেশ হৈ আছে লখিমপুৰৰ এজন যুৱক । নিৰুদ্দেশ হোৱা যুৱকজন লখিমপুৰৰ নাওবৈচাৰ পেৰাভাৰীৰ মনোজ কুমাৰ বৰুৱা (৩২) বুলি জানিবলৈ পৰা গৈছে (Assam youth missing at Delhi)।
উল্লেখ্য যে যোৱা 17 মাৰ্চত আন একাংশ লোকৰ সৈতে দিল্লীলৈ গৈছিল সন্ধানহীন বৰুৱা । সূত্ৰই জানিবলৈ দিয়া অনুসৰি সমবায় সমূহৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বৰুৱাসহ কেইবাগৰাকীও লোক দিল্লীলৈ গৈছিল । দিল্লীলৈ গৈ মনোজে পাহাৰগঞ্জ এলেকাৰ "সত্য "নামৰ এখন হোটেলত আছিল বুলি পৰিয়ালে জানিবলৈ দিয়ে (Missing case in Lakhimpur)।
কিন্তু যোৱা 20 মাৰ্চৰ সন্ধিয়াৰ পৰা মনোজ সন্ধানহীন হৈ পৰে । সেই দিনা সন্ধিয়া ছয় মান বজাত মনোজ হোটেলৰ কোঠাৰ পৰা ওলাই গৈ ঘূৰি নাহিল বুলি জানিবলৈ দিয়ে বন্ধুবৰ্গই । এই কথা বন্ধুবৰ্গৰ পৰা মনোজৰ পৰিয়ালটোৱে জানিবলৈ পোৱাৰ পিছতে পৰিয়ালৰ লোকে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে ৷ তদুপৰি, দিল্লী আৰক্ষীৰ ওচৰতো ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী
গোচৰ ৰুজু কৰা হৈছে যদিও এই পৰ্যন্ত মনোজৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । যাৰ বাবে মনোজৰ পৰিয়ালটিয়ে চৰম অনিশ্চয়তা, উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে । উল্লেখ্য যে,মনোজে এখন সমবায় দোকান দি জীৱিকা নিৰ্বাহ কৰি আহিছিল । সমবায় ব্যৱয়ায়ী হোৱা হেতুকে মনোজ কুমাৰ বৰুৱাই দিল্লীত অনুষ্ঠিত এক ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল ।