Lakhimi Sabah observed: ডিব্ৰুগড় কোটোহাৰ নাওজানত লখিমী সবাহ অনুষ্ঠিত - Procession on the occasion of Lakhimi Sabah
🎬 Watch Now: Feature Video
মৰাণ,৪ মাৰ্চ: সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে দুদিনীয়াকৈ মৰাণ সমষ্টিৰ অন্তৰ্গত কোটোহাৰ ১ নং নাওজান গাঁৱত অনুষ্ঠিত হয় লখিমী সবাহ(Lakhimi Sabah observed in Moran) । পৰম্পৰা ৰক্ষা কৰি সোণোৱাল কছাৰী অধ্যুষিত গাঁওখনত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা এই লখিমী সবাহৰ প্ৰথম দিনা পুৱা সমূহীয়া পৰিষ্কাৰকৰণে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পিছতে সমাজ পতা, ডালি পতা, নাম প্ৰসংগ আৰু লখিমী নাম অনুষ্ঠিত হয় ।
আজি পুৱাৰ ভাগত সমূহীয়া পৰিষ্কাৰকৰণেৰে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পিছতে গাঁওবাসীয়ে এক বৃহৎ শোভাযাত্ৰা উলিয়াই বুঢ়ীদিহিং নদীত সমাজ পতা পৰ্ব অনুষ্ঠিত কৰে(Procession on the occasion of Lakhimi Sabah) । সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানিকভাৱে নদীক পূজা কৰাৰ লগতে নদীৰ বুকুত জাকৈ লৈ মাছ মাৰি দোলাত লখিমী ভৰাই আৰু নদীৰ পৰা নামঘৰলৈ সূতা টানি লখিমী আদৰা পৰ্ব চলে ।
আধ্যাত্মিকতাৰ সম্পূৰ্ণ পৰশ থকা অনুষ্ঠানটোত গাঁওখনৰ প্ৰায় সকল লোকেই অংশগ্ৰহণ কৰে(Traditional festivals celebrated in Moran) । উল্লেখযোগ্য যে লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান । কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া সমাজে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে । লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁৱত পালন কৰা দেখা যায় । কিছু সংখ্যকে প্ৰতিবছৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিলেও আন কিছু সংখ্যকে দুই বা পাঁচ বছৰৰ অন্তত অনুষ্ঠিত কৰে ।
লগতে পঢ়ক: Himanta Biswa on Rahul Gandhi : দেশক বদনাম কৰিছে ৰাহুল গান্ধীয়ে: হিমন্ত বিশ্ব শৰ্মা