thumbnail

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:49 PM IST

ETV Bharat / Videos

বকোত ১৯ জানুৱাৰীৰ পৰা ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন

বকো, ২৭ ডিচেম্বৰ : কামৰূপ জিলাৰ বকোত অহা ১৯,২০ আৰু ২১ জানুৱাৰীত অনুষ্ঠিত হ'ব ৬৩ সংখ্যাক বাৰ্ষিক বড়ো সাহিত্য সভাৰ অধিৱেশন । সেই উপলক্ষে বুধবাৰে বকোৰ ৰাজহুৱা খেলপথাৰত ৬৩ সংখ্যাক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় । এই লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে হস্ততাঁত,বয়ন শিল্প আৰু ৰেচম, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

ইপিনে,লাইখুঁটা স্থাপনৰ প্ৰাকক্ষণত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰৎ নাৰ্জাৰীয়ে । বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অনিল বসুমতাৰী, অভ্যৰ্থনা সমিতিৰ সভাপতি তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাভা হাছঙৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী, আদিত্য ৰাভা, সোণাৰাম ৰাভা আদি । অনুষ্ঠানটোৰ আঁত ধৰে ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে ।

লগতে পঢ়ক:বিজেপিক উৎখাত নকৰিলে চেমখৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ'ব : তৃণমূল কংগ্ৰেছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.