Constituency delimitation:খচৰা প্ৰকাশৰ পিচতেই লাহোৱালত জ্বলিল মুখ্যমন্ত্ৰী-বিধায়কৰ পুত্তলিকা - জ্বলিল মুখ্যমন্ত্ৰী ও বিধায়কৰ পুত্তলিকা
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 21 জুন : লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ পাচতেই ক্ষোভিত হৈ পৰিছে লাহোৱালবাসী ৰাইজ । সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । বিধানসভা সমষ্টিসমূহ বিলুপ্ত হ'লেও আন কিছু সমষ্টি নতুনকৈ গঠন হোৱা পৰিলক্ষিত হৈছে যদিও বহুকেইজন বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ।
ৰাজ্যৰ বহু কেইটা সমষ্টিৰ দৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তি কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই লাহোৱাল সমষ্টিত ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । ইয়াৰে প্ৰতিবাদত লাহোৱালত জ্বলিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক বিনোদ হাজৰিকাৰ জুমুঠি । লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বিনোদ হাজৰিকা হায় হায়, বিজেপি গ’ বেক ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ ।
লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?