পেট্ৰলিয়াম ঠিকাভিত্তিক শ্ৰমিকৰ এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 3:09 PM IST

thumbnail

চিৰাং, 10 জানুৱাৰী : বুধবাৰে পুৱা সমগ্ৰ দেশৰ লগতে চিৰাঙৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত পেট্ৰলিয়াম ঠিকাভিত্তিক শ্ৰমিকসকলে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ঠিকাভিত্তিক পেট্ৰলিয়াম শ্ৰমিকসকলৰ ই এছ আই (চি) আইনৰ অধীনত কভাৰেজ আৰু বোনাচ বৃদ্ধিৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰূপায়ণ কৰা হয় ।

ভাৰতীয় পেট্ৰ’লিয়াম আৰু গেছ শ্ৰমিক ফেডাৰেচনৰ আহ্বানত এইদৰে বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ই এছ আই (চি) কভাৰেজ আৰু বোনাচ আইনৰ অধীনত দৰমহা ২১ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত ঠিকাভিত্তিক শ্ৰমিকসকলে আজি এইদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত শোধনাগাৰৰ ৫ টাকৈ শ্ৰমিক সংগঠনৰ নেতৃত্ব উপস্থিত থাকে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত দেশৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী ভূপেন্দৰ যাদৱলৈ ইমেইল যোগে এখন স্মাৰক পত্ৰ প্ৰদান কৰে শ্ৰমিক সংগঠনসমূহে ।

লগতে পঢ়ক : চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনক লৈ ৰূপায়ণ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.