Tense situation in Kalgachia:কলগাছিয়াত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ - Tense situation in Kalgachia
🎬 Watch Now: Feature Video

জনিয়া, ১৯ জুন: কলগাছিয়াৰ কৰাৰকুৰ দ্বিতীয় নং ৰাজ্যিক ঘাইপথত উত্তপ্ত পৰিস্থিতি । বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ । এই অভিযোগ শ্ৰমিকৰ বিৰুদ্ধে । পিচত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
বৰপেটাৰ পৰা জনীয়া হৈ অভয়াপুৰীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথ পুনৰ বেকী নৈৰ খহনীয়াৰ কবলত পৰাৰ আশংকা ঘণীভূত হোৱাত বিভাগীয় কৰ্তৃপক্ষই কিছু জি অ' বেগ ব্য়ৱহাৰ কৰে । এই সন্দৰ্ভত কেইজনমান প'ৰ্টেলৰ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ স্থানীয় ৰাইজৰ মন্তব্যও সংগ্ৰহ কৰে । ইয়াৰ পিচত স্থানীয় ৰাইজৰ মন্তব্যৰ ভিত্তিত বিভাগীয় লোক এজনৰ লগত সাংবাদিক সকলে কথা পাতি থাকোতে কাম কৰি থকা শ্ৰমিকে এজনে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে দৃশ্য বন্দী কৰি থকা মোবাইল ভাঙি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংবাদিক হাফিজুৰ ৰহমান আৰু আবুল কালাম আজাদে ।
TAGGED:
Tense situation in Kalgachia